কাজিৰঙাৰ পথত ৰৈ গ'ল ২৩টা সপোন !ঋ
আজি ১৩ নৱেম্বৰ, কাজিৰঙাৰ ৰঙাজানত এক ভয়াবহ পথ দুৰ্ঘটনাই ২৩টা জীৱন কাঢ়ি নিলে। অতি মৰ্মান্তিক দুৰ্ঘটনা।
শ্ৰদ্ধাঞ্জলি - কাজৰিঙা, ১৩ নৱেম্বৰ।বাছখনত বেছিভাগেই আছিল কলেজৰ ছাত্ৰ-ছাত্ৰী। ক্লাছ শেষ কৰি ঘৰলৈ ঘূৰি আহি আছিল। ঘৰত মাক-দেউতাকে বাট চাই আছিল, কিন্তু তেওঁলোক আৰু ঘূৰি নাহিল।
এটা মূহুৰ্তৰ স্পীডে, এটা মূহুৰ্তৰ অসাৱধানতাই ২৩ টা ঘৰৰ উজ্জ্বল ভৱিষ্যত আজুৰি নি বোৱাই গ'ল শোকৰ বন্যা ।
আমি সকলোৱে ভাবো - "মোৰ একো নহয়।" কিন্তু পথত এই "একো নহয়" বুলি ভবাটোৱেই আটাইতকৈ ডাঙৰ ভুল।
আজি আমি মাথোঁ প্ৰাৰ্থনা কৰোঁ, যিসকল হেৰাই গ'ল তেওঁলোকৰ আত্মাই শান্তি পাওক, আৰু যিসকল আহত হৈ আছে তেওঁলোক সোনকালে সুস্থ হওক।
আহক ,আমি নিজকে এটা প্ৰতিশ্ৰুতি দিওঁ -
'অলপ লেহেমীয়া হ'ম, কিন্তু ঘৰলৈ সুৰক্ষিতভাৱে ঘূৰিম।'
কাৰণ, প্ৰতিজন ব্যক্তিৰ বাবে কোনোবাই ঘৰত বাট চাই আছে।
🪔 শ্ৰদ্ধাঞ্জলি 🪔
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন
আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।